অসম অসামৰিক সেৱাৰ বিষয়াৰ বিৰুদ্ধে চলিছে ষড়যন্ত্ৰ

অসম অসামৰিক সেৱাৰ বিষয়াৰ বিৰুদ্ধে চলিছে ষড়যন্ত্ৰ
Published on

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ দিচপুৰৰ বিষয়া সকলৰ এটা লবীয়ে অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া সকলৰ পদোন্নতিৰ ক্ষেত্ৰত ষড়যন্ত্ৰ চলাৰ অভিযোগ উঠিছে।১৯৯২,১৯৯৩ আৰু ১৯৯৫ বেষ্টৰ বিষয়া সকল বেছি ক্ষতি হোৱা বুলি জানিব পৰা গৈছে,তেওঁলোক অতিৰিক্ত সচিব পদতে অৱসৰ লবলগীয়া হৈছে।অতিৰিক্ত উপায়ুক্ত আৰু অতিৰিক্ত সচিব পদৰ বাবে বিষয়াসকল ১৭ৰ পৰা ২১ বছৰ পৰ্যন্ত অপেক্ষা কৰিব লাগে।বহুসংখ্যক বিষয়া সচিব পদ লাভ কৰাত ব্যৰ্থ হয়।অসম অসামৰিক সেৱা বিষয়া সন্মিলনে সোমবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ কৰি বিষয়টো ভালদৰে চালিজাৰি চাবলৈ আহ্বান কৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সোনকালে ব্যৱস্থা লোৱাৰ আশ্চাস প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com