অসমক শিল্প-বন্ধুত্বপূৰ্ণ ৰাজ্য হিচাপে গঢ় দিয়াৰ যাত্ৰা আৰম্ভ হৈছে : মুখ্যমন্ত্ৰী

Published on

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটীৰ মিৰ্জাৰ ৰামপুৰস্থিত গ্ৰিনলেণ্ড নিৰ্মিত সুবিধা থকা ব্ৰিটেনিয়া উদ্যোগ শুভাৰম্ভ কৰি কয় যে এডভান্টেজ আসামৰ গ্ৰুৱেল ইনভেষ্টৰ চামিটৰ সময়ত ২০০ খন সমঝোতা স্মাৰক পত্ৰত চহী কৰা হয়।টাটা গ্ৰুপে ৰাজ্যত ১৯ খন কেঞ্চাৰ চিকৎসালয়ৰ আৰু স্বপিং মলৰ নিৰ্মান কৰাৰ লগতে ব্ৰিটেনিয়াই দেশৰ ভিতৰতে বৃহৎ উদ্যোগ নিৰ্মান কৰিব।আমাৰ চৰকাৰে সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিম।দেশৰ ভিতৰতে অন্যতম বৃহৎ উদ্যোগ ব্ৰিটেনিয়াই ১৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা উদ্যোগটোৱে বছৰি ৬০,০০০ টন খাদ্য প্ৰস্তুক কৰিব পাৰিব আৰু প্ৰায় ১০০০ জন লোকে তাত সংস্থাপন লাভ কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com