আটছাৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ

আটছাৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ
Published on

আদিবাসী ছাত্ৰ সংগঠন আটছাৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আদবাসীসকলক জনজাতিকৰন মৰ্যাদা প্ৰদান,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি,আদিবাসীসকলক ভূমি পট্টা প্ৰদানৰ দাবীৰ লগতে চাহ বাগিচাসমূহত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ন কৰে।বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰাৰ লগতে উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।বিশ্বনাথ জিলা আটছাৰ বিষয়ববীয়াই জনাই যে যদি তেওঁলোকৰ দাবী সমূহ চৰকাৰে মানি নলয় তেতিয়া ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হব।সংগঠনটোৰ বিষয়ববীয়াৰ লগতে সহস্ৰাধীক কৰ্মীয়ে আন্দোলনটোত অংশগ্ৰহণ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com