আদালতত হাজিৰ ধৃত ১৯গৰাকী এচিএছ আৰু এপিএছ বিষয়া

আদালতত হাজিৰ ধৃত ১৯গৰাকী এচিএছ আৰু এপিএছ বিষয়া
Published on

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ আদালতত আজি পাণবজাৰ আৰক্ষীয়ে হাজিৰ কৰাই অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেঙ্কাৰীৰ অভিযুক্ত ধৃত ১৯গৰাকী এচিএছ আৰু এপিএছ বিষয়াক।পাণবজাৰ থানাৰ পৰা আদালতলৈ নিয়া হয় ৩ গৰাকী পুৰুষ আৰু ৮ গৰাকী মহিলা বিষয়াক।১৪ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিছে ধৃত বিষয়া কেইগৰাকীক।বাকী কেইগৰাকী ৰাজপত্ৰিত বিষয়াক কাহিলীপাৰাৰ বিশেষ শাখাৰ ৰখা হৈছিল।হস্তাক্ষৰ পৰীক্ষাৰ অন্তত বুধবাৰে গ্ৰেপ্তাৰ হৈছিল ১৯ গৰাকী ধৃত বিষয়া।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com