এচিএছৰ সংখ্যা বৃদ্ধি চৰকাৰৰ

এচিএছৰ সংখ্যা বৃদ্ধি চৰকাৰৰ
Published on: 

সোনোৱাল চৰকাৰে এচিএছৰ সংখ্যা ৯৫৮ জনৰ পৰা ১,০৫০ জনলৈ বৃদ্ধি কৰিছে।ইয়াৰ লক্ষ্য হল যে জনতাৰ সেৱাৰ ক্ষেত্ৰত যেন কোনোধৰনৰ অসুবিধা নহয়।চৰকাৰে ইতিমধ্যে গম পাইছে যে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰশাসনিক বিষয়াৰ অভাৱৰ বাবে কামবোৰ সুচাৰু ৰূপে হোৱা নাই।চৰকাৰে ৪৩টা এচিএছ পদৰ বাবে আবেদন বিচৰাৰ কাম কৰি আছে।মুঠ ১৩৫ জন নতুন প্ৰশাসনিক বিষয়াৰ নিযুক্তি দিলে জনতাৰ কোনোধৰনৰ অসুবিধা নাথাকিব।বৰ্তমান ৰাজ্যত ৭৪৭ জন এচিএছ বিষয়াই কাম কৰি আছে।আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত এচিএছ বিষয়া সকলক অতিৰিক্ত ৰাজহৰ কাম দিয়াৰ বাবে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছিল।এতিয়া ৫৯জন ৰাজহ বিষয়াক সমগ্ৰ ৰাজ্যত নিযুক্তি দিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com