এন আৰ চিৰ পৰা বাদ পৰিব পাৰে ১৫০০০ বিদেশী

এন আৰ চিৰ পৰা বাদ পৰিব পাৰে ১৫০০০ বিদেশী
Published on

এই মূহুৰ্তত যেতিয়া এন আৰ চি সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱা তাৰিখ চমু চাপিছে, যদিও তথ্য মতে এন আৰ চি ৩০ জুনত প্ৰকাশ নাপায়, তথাপিও এই খচৰা চূড়ান্ত কৰা কামত ব্যস্ত থকা কতৃপক্ষই ১৫০০০ মানুহৰ নাম অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত কঠিনতা অৱলম্বন কৰুব বুলি সিদ্ধান্ত গ্ৰহন কৰে।ইয়াৰ দ্বাৰা সেইসকল মানুহৰ কথা কোৱা হৈছে যিসকল ১৯৬৬ চনৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমলৈ আহিছিল কিন্তু ফৰেইনাৰ ৰিজিঅনেল ৰেজিট্ৰচন অফিচত তেওঁলোকে পঞ্জীয়ন কৰা নাছিল। এফ আৰ আৰ ও হৈছে গৃহ মন্ত্ৰণালয়ৰ এক প্ৰাথমিক সংস্থা যিয়ে পঞ্জীয়ন, অহা যোৱা, থকা ইত্যাদি নিয়ন্ত্ৰণ কৰে লগতে ভাৰতত বিদেশীৰ থকা সময় বৃদ্ধি কৰাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰে। নিয়ম অনুসৰি, এইসকল বিদেশীয়ে চিনাক্ত হোৱাৰ তিনি মাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগে কিন্তু এইসময়তো বৰ্তমান ছমাহলৈ বঢ়াই দিয়া হৈছে। মুঠতে, এইসকলৰ নাম অহা দহ বছৰৰ নিৰ্বাচনী তালিকাত অন্তৰ্ভূক্ত নহ'ব যাৰফলত তেওঁলোকে এই সময়চোৱাত ভোটাধিকাৰ লাভ নকৰিব। কিন্তু যি কি নহওঁক, দহ বছৰৰ পিছত তেওঁলোকৰ নামবোৰ নিজে নিজে নিৰ্বাচনী তালিকাত অন্তৰ্ভূক্ত হ'ব। এই ব্যৱস্থাটোৰ কথা অসম চুক্তিতো উল্লেখ আছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com