এনআৰচি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ ৰেহাই লাভ কৰিব নে?

এনআৰচি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ ৰেহাই লাভ কৰিব নে?
Published on

ৰাজ্যত হোৱা বান পৰিস্তিতি বিশেষকৈ বৰাক উপত্যকাত হোৱা প্ৰলয়ংকাৰী বানৰ ফলত এনআৰচিৰ সম্পূৰ্ণ খচৰা ৩০ জুনত প্ৰকাশ নোপোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। যদিও উচ্চতম ন্যায়ালয়ে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ বাবে ৩০ জুন তাৰিখটো ঠিক কৰিছিল তথাপিও ন্যায়ালয়ে যোৱা ৮ মে'ত এক জাননী যোগেদি এইক্ষেত্ৰত কিছু ৰেহাইৰ ব্যৱস্থা কৰিছে। গতিকে এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে এনআৰচিৰ খচৰা যদি ৩০ জুনত প্ৰকাশ নাপাই তেন্তে কেতিয়া প্ৰকাশ পাব? এপেক্স ন্যায়ালয়ে ২জুলাইত এনআৰচিৰ কেচৰ শুনানি গ্ৰহণ কৰি এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ তাৰিখ নিৰ্ধাৰণ কৰিব। আনহাতে, বৰাক উপত্যকাত বানপানীৰ কাৰণে ৮/১০ দিনৰ পৰা স্থৱিৰ হৈ এনআৰচিৰ উন্নীতকৰণৰ কামবোৰ পুনৰ আৰম্ভ হৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com