এনআৰচি নাগৰিক চিনাক্তকৰনৰ প্ৰকৃত প্ৰমানপত্ৰ হব লাগিব : আছু

এনআৰচি নাগৰিক চিনাক্তকৰনৰ প্ৰকৃত প্ৰমানপত্ৰ হব লাগিব : আছু
Published on

দেশৰ উচ্চতম ন্যায়ালয়ে চূড়ান্ত খচৰাৰ পৰা ১.৫ লাখ আবেদনকাৰীৰ নাম কৰ্তন যাব বুলি ঘোষনা কৰা পাছত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এনআৰচিত মাত্ৰ প্ৰকৃত ভাৰতীয়ৰ নামহে থাকিব লাগিব।আছুৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয় যে কোনোধৰনৰ বিসংগতি এনআৰচিত থাকিব নোৱাৰিব ,১৯৮৫ চনৰ অসম চুক্তিৰ পাছত দিঘলীয়া সময়ৰ পাছত এনআৰচি হবলৈ ওলাইছে।কামখিনি নিয়াৰিকৈ হওক কোনোধৰনৰ ভয় কৰিব নালাগে আৰু বিদেশীৰ নাম কোনোকাৰনতেই অন্তভূক্ত হব নালাগে।৫০,০০০ চৰকাৰী কৰ্মচাৰী এনআৰচিৰ লগত জড়িত হৈ আছে।৩০ জুলাইত এনআৰচিৰ চূড়ান্ত খচৰা খন প্ৰকাশ পাব।৩০ জুনত প্ৰকাশ হোৱা কথা আছিল যদিও ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে সম্ভৱ হৈ নুঠিল।এনআৰচিৰ ৰাজ্য সমন্নয়ক প্ৰতীক হাজেলাই অসমবাসীয়ে এখন সুন্দৰ সুষ্ঠ এনআৰচি লাভ কৰিব বুলি প্ৰকাশ কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com