আজি এনআৰচি প্ৰকাশৰ দিন

আজি এনআৰচি প্ৰকাশৰ দিন
Published on

দেশৰ উচ্চতম ন্যায়ালয়ে জুলাইৰ ২তাৰিখে এনআৰচিৰ চুড়ান্ত খচৰা প্ৰকাশৰ দিন আজি ধাৰ্য্য কৰিব।৩০জুনত প্ৰকাশৰ দিন আছিল যদিও ৰাজ্যৰ প্ৰথমতো বানপানীৰ ফলত কাম সম্পূৰ্ণ হৈ নুঠিল।বিশেষকৈ কাচাৰ,কৰিমগঞ্জ,হাইলাকান্দি,হোজাই আৰু পশ্চিম কাৰ্বিআলংত বানপানীৰ বাবে কাম ৰখাই দিবলে বাধ্য হয়।এই জিলাসমূহৰ এনআৰচি সেৱা কেন্দ্ৰ সমূহৰ কাম বন্ধ হৈ যোৱাৰ ফলত কাম সম্পূৰ্ন নুঠিল।এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত ৰিপৰ্ট জমা দিছে।ন্যায়াধীশ ৰঞ্জন গগৈ আৰু আৰ ন্যায়াধীশ এফ নাৰিমান সত্ৰ ন্যায়ালয়ে শুনানী শুনাব বুলি জানিব পৰা গৈছে।আছুৰ বিষয়ববীয়াৰ লগতে আসাম পাব্লিক ৱৰ্কচৰ বিষয়ববীয়াই ইতিমধ্য দিল্লীত বাহৰ পাতিছে বুলি জানিব পৰা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com