কল্যানমূলক আঁচনিৰ আশ্বাসৰ বিপৰীতে কাৰ্য্যকাৰিতাৰ প্ৰয়োজন

Published on

শিলচৰত ভাৰতীয় কিসান সভা,কাচাৰ জিলা সমিতিয়ে আয়োজন কৰা সভাত জিলা সম্পাদক দুলাল মিত্ৰই কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কয় যে কল্যানমূলক আঁচনিসমূহৰ নামত ৰাইজক আশ্বাস দিয়াতকৈ সেইসমূহ কাৰ্য্যকাৰী কৰাটোহে প্ৰয়োজন।খেতিয়কসকলে ইমান কষ্ট কৰি শষ্য উৎপাদন কৰাৰ পাছতো সঠিক মুল্য লাভ নকৰে তাৰ বিপৰীতে লোকচানহে ভৰিবলগীয়া হয়।দেশত ১০,০০০ খেতিয়কে আত্মহত্যা কৰিবলগীয়া হৈছে।মোডিয়ে লোকসভা নিৰ্বাচনৰ সময়ত খেতিয়কৰ পৰা চৰকাৰে শষ্য কিনাৰ কথা ফুটুকাৰ ফেন হিচাপে পৰিনত হৈছে।কাচাৰ জিলাৰ কাৰনে কৃষি এতিয়া লাভজনক হৈ থকা নাই, লগতে কয় যে বানপানীৰ সময়ত চৰকাৰে শিৱিৰত দিয়া সামগ্ৰীসমূহ উপযোগী নহয় আৰু নিবনুৱা সকলক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।সভাত ভালে সংখ্যক কৃষিজীৱি ৰাইজ উপস্থিত থাকে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com