কস্তাৰিকাৰ বিৰুদ্ধে ড্ৰ খেলি নকআউটলৈ চুইজাৰলেন্ড

কস্তাৰিকাৰ বিৰুদ্ধে ড্ৰ খেলি নকআউটলৈ চুইজাৰলেন্ড
Published on

নিজনি নভগোল্ড ষ্ট্ৰেডিয়ামত বুধবাৰে নিশা অনুস্থিত গ্ৰুপ ই'ৰ এখন খেলত চুইজাৰলেন্ডে কস্তাৰিকাৰ বিৰুদ্ধে ২-২ গ'লত ড্ৰ খেলি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে।৩১ মিনিটত ডিজেমাইলিৰ গ'লেৰে চুইজাৰলেন্ডে অগ্ৰগতি লাভ কৰা পাছত ৫৬ মিনিটত কে ৱাটচনে গ'ল কৰি সমতা স্থাপন কৰে।৮৮ মিনিটত চুইজাৰলেন্ডৰ জে ডৰ্মিকৰ গ'লেৰে নিশ্চিত বিজয়ৰ দিশে আগবাঢ়িছিল যদিও অতিৰিক্ত সময়ত চুইজাৰলেন্ডৰ ডিফেন্ডাৰ ৱাই চমেৰৰ এক আত্মঘাতী গ'লৰ সহায়ত কস্তাৰিকা পৰাজয়ৰ পৰা ৰক্ষা পৰে।কস্তাৰিকাৰ বিশ্বকাপৰ অভিযান ইতিমধ্যে অন্ত পৰিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com