কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪৪ধাৰা জাৰি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪৪ধাৰা জাৰি
Published on

বানপানী আৰু বন্যপ্ৰাণী ৰক্ষাৰ খাতিৰত আৰু মানৱ-জীৱৰ মাজত সংঘাতৰ কাৰণে বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জিলা প্ৰশাসনে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জখলাবন্ধাৰ পৰা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ নুমলীগড়লৈ ১৪৪ধাৰা জাৰি কৰা হৈছে।যোৱা মঙলবাৰে বোকাখাট মহকুমাৰ অফিচাৰ বিনেক শ্যামে এই ধাৰা জাৰি কৰাৰ কথা সদৰী কৰে।বাৰিষা কালত কাজিৰঙাৰ জীৱ-জন্তু সমূহ ৰাষ্টাৰ কাষলৈ উঠি আহিব পাৰে বুলিয়ে গাড়ী সমূহক ৩০কিঃমিঃ প্ৰতি ঘণ্টাত চলাবলৈ আৰু লগতে বনানঞ্চলৰ সুৰক্ষা বাহিনী তথা প্ৰতিৰক্ষা বিভাগৰ মানুহৰ বাহিৰে অন্য কোনো লোকে অস্ত্ৰ-শস্ত্ৰ লগত লৈ কাজিৰঙা উদ্যানৰ ভিতৰত সোমাৱৰ নোৱাৰিব।যদিহে এনে কোনো দুষ্কৃতি কাৰ্য্য কোনো লোকে চলাব চেষ্টা কৰে তেন্তে বন্যপ্ৰাণী আইনৰ জৰিয়তে শাস্তি প্ৰদান কৰা হব বুলি প্ৰশাসন ব্যৱস্থাৰ পৰা জানিব পৰা গৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com