কোৱাৰ্টাৰত শক্তিশালী ফ্ৰান্সৰ মুখামুখি আত্মবিশ্বাসী উৰুগুৱে

কোৱাৰ্টাৰত শক্তিশালী ফ্ৰান্সৰ  মুখামুখি আত্মবিশ্বাসী উৰুগুৱে
Published on

নিজনি নভগোল্ড ষ্ট্ৰেডিয়ামত শুকুৰবাৰে ভাৰতীয় সময় ৭ বাজি ৩০ মিনিটৰ পৰা ১৯৯৮ চনৰ চেম্পিয়ন ফ্ৰান্সৰ বিৰুদ্ধে অৱতীৰ্ন হব দুবাৰৰ চেম্পিয়ন উৰুগুৱে।প্ৰি-কোৱাৰ্টাৰত ফৰাচী দলটোৱে মেছিৰ আৰ্জেন্টিনাক পৰাস্ত কৰাৰ বিপৰীতে উৰুগুৱেয়ে ৰনাল্ডোৰ পৰ্টুগালক পৰাস্ত কৰে।গ্ৰিজমান,এমবাপে,পগবাৰ দৰে তাৰকা সমৃদ্ধ ফ্ৰান্সৰ আক্ৰমনৰ বিৰুদ্ধে কি দৰে উৰুগুৰে ৰক্ষন বিভাগে মুকামিলা কৰে হেয়াহে লাখটকীয়া প্ৰশ্ন।পৰ্টুগালৰ বিৰুদ্ধে দুটা গ'ল কৰা এডিনচন কাভানিৰ আঘাতে চিন্তাত পেলাইছে উৰুগুৱে শিবিৰক।কাভানিয়ে যদি খেলিব নোৱাৰে ছুৱাৰেজে অকলে কিদৰে আক্ৰমন চলাব সেয়াহে লক্ষনীয় হব।ফৰাচী দলতো ফেৱাৰেট হিচাপে নামিব যদিও উৰুগুৱেৰ শক্তিক উলাই কৰিব নোৱাৰি।

The Sentinel - of this Land, for its People
www.sentinelassam.com