ক্ৰোয়েচিয়াক ২-৪ গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ দখল ফ্ৰান্সৰ

ক্ৰোয়েচিয়াক ২-৪ গ'লত পৰাস্ত কৰি ফিফা বিশ্বকাপ দখল ফ্ৰান্সৰ
Published on

লুজনিকি ষ্ট্ৰেডিয়ামত অনুস্থিত ৰাচিয়া বিশ্বকাপৰ ফাইনেলত ১৯৯৮ চনৰ বিজয়ী ফ্ৰান্সে ২০ বছৰৰ পাছত আকৌ বিশ্বকাপ ট্ৰফী ঘৰলৈ লৈ যাবলৈ সক্ষম হল।চূড়ান্ত খেলখনত ফ্ৰান্সে ক্ৰোয়েচিয়াক ৪-২ গ'লত পৰাস্ত কৰি ২০১৮ বিশ্বকাপৰ চূড়ান্ত খেলখনত বিজয়ী সন্মান লাভ কৰে।ফ্ৰান্সৰ হৈ গ্ৰিজমান,পগবা আৰু এমবাপে গ'ল দিয়াৰ বিপৰীতে এটা আত্মঘাতী গ'ল লাভ কৰে।ক্ৰোয়েচিয়াৰ হৈ পেৰিছিক আৰু মন্দজুকিকে গ'ল প্ৰতিশোধ কৰে।৬টা গ'লেৰে গোল্ডেন বুট লাভ কৰে ইংলেণ্ডৰ অধিনায়ক হেৰি কেনে আৰু ক্ৰোয়েচিয়াৰ অধিনায়ক লুকা মদ্ৰিকে গোল্ডেন বল লাভ কৰাৰ বিপৰীতে বেলজিয়ামৰ গ'লৰক্ষক থিবাউট কৰ্ট'ইচে গোল্ডেন গ্লোভচৰ লগতে ফ্ৰান্সৰ কাইলি এমবাপেই শ্ৰেষ্ঠ যুৱ খেলুৱৈৰ সন্মান লাভ কৰে।ফাইনেলত আয়োজক ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ লগতে ফ্ৰান্স আৰু ক্ৰোয়েচিয়াৰ ৰাষ্ট্ৰপতি উপস্থিত থাকে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com