ক্ৰোয়েচিয়াৰ বিৰুদ্ধে আইচলেন্ড পৰাস্ত

ক্ৰোয়েচিয়াৰ বিৰুদ্ধে আইচলেন্ড পৰাস্ত
Published on: 

ৰাচিয়া বিশ্বকাপৰ গ্ৰুপ ডি'ৰ অন্য এখন খেলত মঙলবাৰে নিশা ক্ৰোয়েচিয়াই আইচলেন্ডক ২-১ গ'লত পৰাস্ত কৰি শীৰ্ষ স্থানেৰে প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে।ৰোস্তভ' ষ্ট্ৰেডিয়ামত অনুস্থিত খেলখনৰ প্ৰথম অৰ্ধ গ'ল শূন্যভাৱে অন্ত পৰে।দ্বিতীয় অৰ্ধৰ প্ৰথমৰ পৰাই দুয়োটা দলেই গ'ল দিয়াৰ চেষ্টা অব্যাহত ৰাখে।মেচৰ ৫৩ মিনিটত এম বাডেজিয়ে গল' কৰি ক্ৰোয়েচিয়াক অগ্ৰগতি প্ৰদান কৰে।৭৬ মিনিটত জি চিগাৰ'চনে পেনাল্টীৰ সহায়ত গ'ল দি সমতা স্থাপন কৰে যদিও ৯০ মিনিটত আই পেৰিচিকে অন্য এটা গ'ল কৰি ক্ৰোয়েচিয়াৰ বিজয় নিশ্চিত কৰে।গ্ৰুপত শীৰ্ষ স্থানেৰে অন্তিম ১৬ প্ৰৱেশ কৰিছে ক্ৰোয়েচিয়াই।

The Sentinel - of this Land, for its People
www.sentinelassam.com