গনপ্ৰহাৰৰ পৰা ৰক্ষা পৰিল তিনি সাধু

গনপ্ৰহাৰৰ পৰা ৰক্ষা পৰিল তিনি সাধু
Published on: 

ডিমাহাচাওৰ মহুৰ ৰেল ষ্টেচনৰ পৰা ডিমাহাচাও আৰক্ষী আৰু টেৰিটৰিয়েল আৰ্মীয়ে তিনিজনকৈ সাধুক গনপ্ৰহাৰৰ পৰা ৰক্ষা কৰে।উত্তৰপ্ৰদেশৰ সাধু কেইজনে অসমৰ কামাখ্যাকে আদি কৰি বিভিন্ন মন্দিৰ দৰ্শন কৰি ফুৰিছিল।কামাখ্যা দৰ্শন কৰাৰ পাছত ত্ৰিপুৰাৰ সুন্দৰী মন্দিৰ দৰ্শনৰ বাবে এখন গাড়ীত যাত্ৰা আৰম্ভ কৰিছিল আৰু ৰাতি মহুৰ ষ্টেচনত গাড়ী বেয়া হলত ৰাতিটো তাতে কটাই,ৰাতিপুৱা স্থানীয় ৰাইজে ছচিয়েল মিডিয়াত প্ৰচাৰ চলি থকা সোপাধৰা সন্দেহত প্ৰহাৰ কৰিবলৈ উদ্যত হয়।আৰক্ষীয়ে ততালিকে খবৰ পাই সাধু কেইজনৰ প্ৰাণ ৰক্ষা কৰে।ডিমাহাচাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুস্পাৰাজ সিংয়ে উৰা বাতৰিত বিভ্ৰান্ত হৈ কোনোধৰনৰ অনৈতিক কাৰ্য্য নকৰাৰ লগতে আইন হাতত নুটুলিবলৈ আহ্বান জনাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com