গুৰুত্বৰ সকিয়নিৰ সন্মুখিত চাহবাগিচা

গুৰুত্বৰ সকিয়নিৰ সন্মুখিত চাহবাগিচা
Published on

ৰাজ্যৰ বহুত সংখ্যক চাহবাগিচা বৰ্তমান ভয়ঙ্কৰ পৰিস্থিতিৰ সন্মুখিত হবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।বাগানত চাহপাতৰ উৎপাদনত অধিক খৰচ হোৱাৰ বিপৰীতে পাতৰ দাম অতি কম হোৱাৰ বাবে কৰ্মচাৰী সকলৰ পৰিশ্ৰমিক বৃদ্ধি কৰাৰ বাবে চৰকাৰে হেচা প্ৰয়োগ কৰিলে মালিকপক্ষই বাগান বন্ধ কৰিবলে বাধ্য হব।শনিবাৰে ভাৰতীয় চাহ সংঘৰ অধক্ষ্য আজম মনেম কলিকতাৰ পৰা গুৱাহাটীলৈ আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।বৈঠকত তেওঁ কয় যে কোনো পৰিস্থিতিতে অতিৰিক্ত পৰিশ্ৰমিক তেওঁলোকে দিব নোৱাৰে।ৰাজ্য চৰকাৰে ৩০ টকাকৈ দৈনিক পৰিশ্ৰমিক বৃদ্ধিৰ নিৰ্দেশ দিয়াৰ পাছত শ্ৰমিকসকলৰ মজুৰি দৈনিক প্ৰায় ৩৫১ টকাৰ লগতে বাসগৃহ,ৰেচন আৰু ইন্ধন যোগান ধৰাতো অসম্ভৱ হৈ পৰিছে মালিকপক্ষৰ বাবে।ভাৰতীয় চাহ সংঘৰ মুখ্য সচিব অৰিজিৎ ৰাহাই কয় যে বৰ্তমান ভাৰতীয় চাহ উদ্যোগে উৎপাদনৰ ২০,০০০ কোটি খৰচৰ ৭০ শতাংশ অৰ্থাৎ ১৪,০০০ কোটি শ্ৰমিকক পৰিশ্ৰমিক দিওতেই খৰচ হয়।অধক্ষ্য মনেমে কয় যে ৰাজ্য চৰকাৰে চাহ উদ্যোগক সহায় কৰিব বুলি অাশা ৰাখিছো আৰু আমিও শ্ৰমিক সকলক অধিক পৰিশ্ৰমিক দিয়াতো বিচাৰো যদিও এই পৰিস্থিতিত দিয়াতো অসম্ভৱ হৈ পৰিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com