গুৱাহাটী আৰু ডিমাপুৰত বৃদ্ধি পাইছে কেঁকোসাপ সৰবৰাহ

গুৱাহাটী আৰু ডিমাপুৰত বৃদ্ধি পাইছে কেঁকোসাপ সৰবৰাহ
Published on: 

এক বৃহৎ শিংখল সহায়ত উত্তৰপূৰ্বাঞ্চলত বৃদ্ধি পাইছে বন্যপ্ৰানীৰ চোৰাং ব্যৱসায়।বিশেষকৈ গুৱাহাটী আৰু ডিমাপুৰৰ পৰা মৰেহ,ম্যানমাৰ হৈ চীনলৈ অবৈধভাৱে আপুৰুগীয়া কেঁকোসাপ সৰবৰাহ হৈ আহিছে।গুৱাহাটী আৰু ডিমাপুৰৰ দুৰ্বল নিৰাপত্তা বেষ্টনীৰ সুযোগ গ্ৰহন কৰি অপৰাধীয়ে অসমৰ আপুৰুগীয়া বন্য সম্পদ সমূহ চীনলৈ সৰবৰাহ কৰি আহিছে।কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ বন্যপ্ৰানী অপৰাধ নিয়ন্তন বিভাগে কৈছে যে বন্যপ্ৰানী সৰবৰাহ কৰা শৃংখলটোৰ দুই তিনিজন সৰবৰাহকাৰীক যদি কৰায়ত্ব কৰিব পাৰি তেতিয়া সিহতৰ শক্তি কমি আহিব কাৰন সৰবৰাহকাৰী সকলে কোনেও কাকো চিনি নাপায়,তেওঁলোকৰ সংখ্যাৰ সহায়ত চিনাক্ত কৰাৰ লগতে পইচাত সেই সংখ্যা সমূহ ব্যৱহাৰ কৰি বন্যপ্ৰানী সমূহ সৰবৰাহ কৰি আহিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com