গেছৰ পাইপলাইনত বিস্ফোৰন সংঘটিত

গেছৰ পাইপলাইনত বিস্ফোৰন সংঘটিত
Published on: 

যোৱা দেওবাৰে অসম গেছ কোম্পানীৰ পাইপলাইনৰ পৰা গেছ লীক হোৱা ঘটনাই গোলাঘাট জিলাৰ চকেটিং অঞ্চলত এক চিন্তনীয় পৰিৱেশে বিৰাজ কৰে।জানিব পৰা মতে; অসম গেছ কোম্পানীয়ে দক্ষিনসেঙেৰা চাহ উদ্যোগত গেছৰ যোগান ধৰে।যোৱা দেওবাৰে চকেটিং ৰেলৱে ষ্টেচনৰ সমীপত কৃষি ভূমিৰ গেছ পাইপলাইনত এক বিস্ফোৰন সংঘটিত হয়।এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় লগতে তাৰে ওচৰত থকা মানুহেও ভয়ত চেতনা হেৰুৱাই।এই ঘটনা সম্পৰ্কে কৰ্তৃপক্ষক জনোৱা হয় যদিও এই পৰ্য্যন্তলৈ কোনো ধৰনৰ কঠিন ব্যৱস্থা হাতত লোৱা নাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com