গোলাঘাটত যোগান আৰু মীন বিভাগৰ অভিযান

গোলাঘাটত যোগান আৰু মীন বিভাগৰ অভিযান

Published on

গোলাঘাট জিলাৰ মাছৰ বজাৰত জিলা আৰক্ষীৰ সহযোগত যোগান আৰু মীন বিভাগে অভিযান চলাই।ৰাজ্যৰ স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাৰ ফৰ্মালীনযুক্ত চালানী মাছৰ আমদানী ১০ দিনৰ বাবে বন্ধ কৰাৰ পাছত কোনোবাই এতিয়াও বিক্ৰী অব্যাহত ৰখাৰ সন্দেহত অভিযান চলাইছে।প্ৰশাসনে ১৬ কুইণ্টল অন্ধ্ৰপ্ৰদেশৰ পৰা অহা চালানী মাছ জব্দ কৰি মাছখিনি নষ্ট কৰাৰ ব্যৱস্থা কৰিছে।অন্ধ্ৰপ্ৰদেশৰ পৰা অহা এখন ট্ৰাকত ১০০ কুইন্টল মাছ থকাৰ সন্দেহত ইতিমধ্যে গোলাঘাট জিলা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com