চিকৎসাৰ লগতে সজাগতা শিবিৰৰ আয়োজন

চিকৎসাৰ লগতে সজাগতা শিবিৰৰ আয়োজন

Published on

শিলচৰৰ লক্ষীপুৰ ব্লক প্ৰাথমিক কেন্দ্ৰই লক্ষীনগৰ আদৰ্শ গাওঁৰ জিড়িঘাট আৰক্ষী থানাৰ অন্তৰ্গত অতি ভিতৰুৱা গাওঁ চামটিল্লাত চিকিৎসা তথা সজাগতা শিবিৰৰ আয়োজন কৰিছে।গাওঁখনৰ পথ সমূহ ইমান দুৰ্গম যে ২০ জনীয়া চিকিৎসা দলটোক জিড়িঘাট আৰক্ষী আৰু সীমা সুৰক্ষা বাহিনীৰ আবেষ্টনীত যাবলগীয়া হয়।দলটোয়ে ৬ কি:মি: পথ খোজকাঢ়ি অতিক্ৰম কৰিবলগীয়া হয়।মুঠ ৯০ জন ৰুগীক চিকিৎসা কৰাৰ লগতে ছয় জন ৰুগীক মেলেৰিয়া পৰীক্ষা কৰা হয়।শিবিৰত ৰাইজক পৰিবেশ চাফ-চিকোনকৈ ৰখাৰ লগতে চাফা পানী আৰু খাদ্য গ্ৰহন কৰিবলৈ পৰামৰ্শ দিয়ে।স্বাস্থ্য বিষয়া ডাঃ ৱাই কিশোৰ সিংৰ নিৰ্দেশত শিৱিৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।তেওঁ বিভিন্ন ভিতৰুৱা অঞ্চলত শিবিৰৰ জড়িয়তে চিকিৎসা সেৱা আগবঢ়াই আহিছে।ৰাইজে ডাঃ সিংৰ লগতে সমগ্ৰ চিকিৎসা দলটোক ধন্যবাদ জ্ঞাপন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com