চিৰসেউজ অভিনেত্ৰী ৰীতা ভাদুৰীৰ দেহাৱসান

চিৰসেউজ অভিনেত্ৰী ৰীতা ভাদুৰীৰ দেহাৱসান
Published on: 

আজিৰ পুৱাভাগত চিৰসেউজ অভিনেত্ৰী ৰীতা ভাদুৰীৰ(৬২) মৃত্যু হয়।কেইবা বছৰ ধৰি তেওঁৰ যকৃতৰ এক ৰোগে অভিনেত্ৰী গৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে।তেওঁৰ প্ৰায় ৭০খন ছবি আৰু ২০খন মান ধাৰাবাহিকত সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল।অভিনেত্ৰী গৰাকীক শেহতীয়াকৈ ষ্টাৰ ভাৰত চেনেলৰ নিমকি মুখীয়া নামৰ ধাৰাবাহিকত দেখা পোৱা গৈছিল।

১৯৫৫চনৰ ৪নৱেম্বৰৰ লক্ষ্ণৌত জন্ম গ্ৰহন কৰা ৰীতা ভাদুৰীয়ে জনপ্ৰিয় বলীউদ ছবি যেনে; "চাৱান কো আনে দো" (১৯৭৯) "ৰাজা"(১৯৯৫) অভিনয় কৰিছিল।ৰীতা ভাদুৰী গুজৰাটী ছবিৰ ক্ষেত্ৰতো জনপ্ৰিয় আছিল।

ৰীতা ভাদুৰীৰ ইণ্ডিয়ান টেলিভিছনৰ বহুকেইখন ধাৰাবাহিক যেনে; কাজল,চাৰাভাই ভাৰচেছ চাৰাভাই,চ'টি বহু,বাণী ইস্ক দা কালমা,আজ কি হাউচ ৱাইফ হে চব কুচ জানটি হে,কুমকুম,খিচিৰী আদি।

'ৰাজী' ছবিৰ অভিনেতা চিচিৰ শৰ্মাই ফেচবুকৰ জৰিয়তে শোক প্ৰকাশ কৰি জনায় যে,আন্ধেৰী ইষ্টৰ পাৰ্চী ৱাদা ৰ'ডত অৱস্থিত ১৭জুলাই তাৰিখে মঙলবাৰে দিনৰ ১২বজাত শ্মশানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হব।

টেলিভিছন উদ্যোগে অভিনেত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ পাই শোক প্ৰকাশ কৰে লগতে অতি সুন্দৰ প্ৰতিভাৱান অভিনেত্ৰী এগৰাকীক হেৰুৱায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com