চীনৰ সামগ্ৰীৰে ভৰি পৰিছে উত্তৰপূৰ্বাঞ্চলৰ বজাৰ

চীনৰ সামগ্ৰীৰে ভৰি পৰিছে উত্তৰপূৰ্বাঞ্চলৰ বজাৰ
Published on

সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ বজাৰত চীনৰ সামগ্ৰীৰে ভৰি পৰাত স্থানীয় সামগ্ৰী নিৰ্মান কৰা উদ্যোগ সমূহৰ মৃত্যুঘন্টা বজাৰ সময়তো কিন্তু সামগ্ৰী সমূহ কিনিবলৈ এৰা নাই।অতি কম মূল্যতে সামগ্ৰীবোৰ পোৱা যায় বাবে ইয়াৰ জনপ্ৰিয়তা অধিক।পৰিক্ষা কৰাৰ পাছত স্বাস্থ্যৰ বাবে হানিকাৰক চীনৰ পৰা অহা আপেল আৰু নাচপতি বন্ধ কৰিছিল চৰকাৰে।দিল্লী,মুম্বাই,কলিকতাৰ এজেন্টৰ পৰা উত্তৰপূৰ্বাঞ্চলৰ ব্যৱসায়ী সকলে সামগ্ৰীবোৰ লাভ কৰে।চীনৰ সামগ্ৰী উত্তৰপূৰ্বাঞ্চলৰ বজাৰ দখল কৰাৰ ফলত স্থানীয় উদ্যোগবোৰক বচাবৰ বাবে চৰকাৰে ৰাইজে সামগ্ৰীসমূহৰ ব্যৱহাৰ কৰিবলৈ এৰিব লাগিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com