জম্মু কাশ্মীৰত ৰাজ্যপালৰ শাসন

জম্মু কাশ্মীৰত ৰাজ্যপালৰ শাসন

Published on

ৰাষ্টপতি ৰামনাথ কবিন্দৰ সন্মতি ক্ৰমে বুধবাৰৰ পৰা জম্মু কাশ্মীৰত ৰাজ্যপালৰ শাসন আৰম্ভ হয়। ভাৰতীয় জনতা পাৰ্টীয়ে পডিপি নেতৃত্বাধীন চৰকাৰৰ পৰা নিজৰ সমৰ্থন উঠায় লোৱা কথা সদৰি কৰা আৰু তাৰ লগে লগে মূখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে অব্যাহতি লোৱাৰ পিছতে ৰাজ্যপাল এন এন বোহৰাই ৰাজ্যপালৰ শাসনৰ বাবে মঙলবাৰে সন্ধিয়া ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে। জম্মু কাশ্মীৰৰ সংবিধান অনুসৰি বোহৰাই ৰাজ্যখনত ৰাজ্যপালৰ শাসন আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে। যদি এখন নিৰ্বাচিত চৰকাৰে ছমাহৰ ভিতৰত কাৰ্যালয় অধিকাৰ কৰিবলৈ সক্ষম নহয় তেন্তে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন দিয়া হ'ব।

The Sentinel - of this Land, for its People
www.sentinelassam.com