জালি শৰণাৰ্থী প্ৰমাণ-পত্ৰ: তথ্য পৰীক্ষণত সাৱধান হ'বলৈ নিৰ্দেশ এনআৰচি কতৃপক্ষৰ

জালি শৰণাৰ্থী প্ৰমাণ-পত্ৰ: তথ্য  পৰীক্ষণত সাৱধান হ'বলৈ নিৰ্দেশ এনআৰচি কতৃপক্ষৰ
Published on

ৰাজ্যৰ বহুতো এনআৰচি আবেদনকাৰীয়ে ফটোষ্টেত কপিত জালি শৰণাৰ্থী প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰাৰ নিচিনা বহুতো অনৈতিক কাৰ্য্যত লিপ্ত হোৱা পৰিলক্ষিত হোৱাৰ পৰিপ্ৰক্ষিতত এনআৰচি কতৃপক্ষই এনআৰচি উন্নীতকৰণৰ কামত থকা বিষয়াসকলক এনে জালিয়তি ধৰা পেলাবলৈ অধিক সাৱধান হ'বলৈ নিৰ্দেশ দিছে। এনআৰচিৰ তথ্য সমূহ পুনৰীক্ষণৰ সময়ত এই কথা পোহৰলৈ আহিছে। পূৱ পাকিস্তানৰ পৰা অসমলৈ অহা লোকসকলক শৰণাৰ্থী পজ্ঞীয়ন প্ৰমাণ পত্ৰ প্ৰদান কৰা হৈছিল, যাৰ জৰিয়তে তেওঁলোকক এনআৰচিত অন্তৰ্ভূক্ত কৰা হৈছিল। কিন্তু এই সহজ উপায়েদি এনআৰচিত অন্তৰ্ভূক্ত হ'ব পৰা কথাটোৱে কিছুমান লোকক অনৈতিকভাৱে জালিয়তি কামত লিপ্ত হ'বলৈ সুবিধা কৰি দিছে।এই জালিয়তিৰ ফলত এনআৰচিৰ ক্ষেত্ৰত নতুন সমস্যাৰ সৃষ্টি হৈছে। সেয়েহে এই জালিয়তিৰ সমস্যা ৰোধ কৰিবলৈ বিষয়াসকলক তথ্য পৰীক্ষণৰ সময়ত অধিক সচেতন হ'বলৈ এনআৰচি কতৃপক্ষই নিৰ্দেশ দিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com