ঢাকাৰ নামঘৰত গুৰু আসন প্ৰতিস্থা

ঢাকাৰ নামঘৰত গুৰু আসন প্ৰতিস্থা
Published on: 

বাংলাদেশৰ ৰাজধানী ঢাকাৰ সমীপৰ গজিপুৰৰ কৰবাৰী,উজিলা আৰু শ্ৰীপুৰ গাওঁত থকা নামঘৰত গুৰু আসন প্ৰতিস্থা কৰা হয়।গাওঁ কেইখনত প্ৰায় ২০০ টা অসমীয়া মূলৰ পৰিয়াল বহুত বছৰৰ পৰা বসবাস কৰি আহিছে।বাংলাদেশ শঙ্কৰদেৱ ফাউণ্ডেচনৰ কৰ্মী সবোধ চন্দ্ৰ দাস অধিকাৰী নামৰ ব্যক্তিজনে অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন সমন্নিতা যুৱ তীৰ্থৰ কৰ্মচাৰীৰ লগত আলোচনা কৰি গুৰু আসন স্থাপন কৰাৰ ব্যৱস্থা কৰে।সমন্নিতা যুৱ তীৰ্থৰ কৰ্মচাৰী জয়ৰাজ কলিতা বাংলাদেশলৈ গৈ গুৰু আসন প্ৰতিস্থা কৰে।তেওঁ নামঘৰ কৰ্তৃপক্ষক নামঘোষা,গুনমালা আৰু গুৰু দুজনাৰ ৰচিত অন্য গ্ৰন্থ প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com