তামিলনাডুৰ অনুকৃথি ভাস মিচ ইণ্ডিয়া ২০১৮

তামিলনাডুৰ অনুকৃথি ভাস মিচ ইণ্ডিয়া ২০১৮
Published on

ফেমিনা মিচ ইণ্ডিয়া ২০১৮ ৰ খিতাপ জিকিছে তামিলনাডুৰ অনুকৃথি ভাসে, ফাৰ্ষ্ট ৰাণাৰ আপ হাৰিয়ানাৰ মিনাক্ষী চৌধাৰী আৰু চেকেণ্ড ৰাণাৰ আপ অন্ধ্ৰ প্ৰদেশৰ শ্ৰেয়া ৰাও। মুম্বাইৰ চৰ্দাৰ বল্লভভাই পেটেল ইণ্ডোৰ ষ্টেদিয়ামত মঙলবাৰে নিশা হোৱা তাৰকা সন্মিলিত চূড়ান্ত প্ৰতিযোগিতাৰ অন্তত অনুকৃথিক বিজয়ী মুকুট পিন্ধায় মিচ ৱৰ্ড ২০১৭ মানুষী চিল্লৰে। অনুকৃথি চেন্নাইৰ ল'য়'লা কলেজৰ ফ্ৰান্স ভাষাৰ স্নাতক মহলাৰ ছাত্ৰী। এইবাৰ ফেমিনা মিচ ইণ্ডিয়াৰ চূড়ান্ত পৰ্যায়ৰ বিচাৰক আছিল বলিউড অভিনেতা ববী দেউল, কুনাল কাপুৰ, মালাইকা আৰোৰা, ফেচন ডিজাইনাৰ গৌৰৱ গুপ্তা, ক্ৰিকেটাৰ ইৰফান পাঠান আৰু মিচ ৱৰ্ড ২০১৭ মানুষী চিল্লৰ।

The Sentinel - of this Land, for its People
www.sentinelassam.com