BreakingNews
দহদিনৰ বাবে বাহিৰৰ মাছ আমদানি বন্ধ চৰকাৰৰ
বাহিৰৰ ৰাজ্যৰ পৰা হোৱা মাছৰ আমদানি দহদিনৰ বাবে বন্ধ কৰিছে ৰাজ্যৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই।জুনৰ ২৯ তাৰিখে হাজৰিকাই আমদানি হোৱা মাছত ফৰ্মালিন উপস্থিতি আছে নাই তাৰ বাবে চেম্পল পৰীক্ষাগাৰলৈ পঠিয়াইছে।ফৰ্মালিন নথকাৰ প্ৰমান হলেহে বন্ধ উঠোৱা হব বুলি কয় মন্ত্ৰীজনে।বহিৰাগত মাছ ব্যৱসায়ীক সৰ্তকবানী শুনাই মন্ত্ৰী হাজৰিকাই কয় যে ফৰ্মালিনৰ উপস্থিতি যদি মাছত ধৰা পৰে তেতিয়া ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰা হব।