দিনদুপৰতে ধন লুট

দিনদুপৰতে ধন লুট
Published on

গুৱাহাটী মহানগৰীৰ যোৰাবাটত দিনদুপৰতে এজন লোকৰ পৰা দুৰ্বৃত্তৰ দলে ২ লাখ ৬৯ হাজাৰ ৪০০ টকা লুট কৰি নিয়া ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য সৃষ্টি কৰিছে।ভুক্তভোগী চন্দন কুমাৰ শৰ্মা নামৰ ব্যক্তিজনে ভাৰতীয় ষ্টেট বেঙ্কৰ যোৰাবাট শাখাৰ পৰা বৃহৎ পৰিমানৰ ধনখিনি উলিয়াই আনিছিল।দুজনীয়া দুৰ্বৃত্তৰ দলতো এখন মটৰচাইকেলত আহি ভুক্তভোগী লোকজনৰ পৰা টকাখিনি থপিয়াই লৈ যায়।সমগ্ৰ ঘটনাটোৰ তদন্তৰ বাবে যোৰাবাট আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com