দিল্লীৰ ওচৰত বানপানীৰ সাহাৰ্য্য বিচাৰিলে দিশপুৰে

দিল্লীৰ ওচৰত বানপানীৰ সাহাৰ্য্য বিচাৰিলে দিশপুৰে
Published on

ৰাজ্যত মৌচুমীৰ আগমনে লৈ অহা বানপানীয়ে ইতিমধ্যে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু সেয়েহে অসম চৰকাৰে আগতীয়াকৈ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ আবেদন জনায়। ব্যৱস্থাপনা সাহাৰ্য্য পুঁজি ৯০:১০ হিচাপত দিয়া হয়। এইবাৰৰ মুঠ সাহাৰ্য্য ৫৩২ কৌটি টকা আৰু কেন্দ্ৰৰ ভাগ হৈছে ৪৭৮.৮০ কৌটি টকা আৰু বাকীখিনি ৰাজ্য চৰকাৰৰ অংশ। কেন্দ্ৰৰ অংশটো দুটা কিস্তিত দিয়া হয়। ইয়াৰ প্ৰথম কিস্তিৰ ধন অলপ সোনকালে মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওচৰত আবেদন জনায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com