দিশপুৰে স্বেচ্ছাই চৰকাৰী মহাবিদ্যালয়সমূহ দুৰ্বল কৰিছে: এছএফআই

দিশপুৰে স্বেচ্ছাই চৰকাৰী মহাবিদ্যালয়সমূহ দুৰ্বল কৰিছে: এছএফআই
Published on

যিসময়ত চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মেডিকেল আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়, বৃত্তিমূলক আৰু দক্ষতা বৃদ্ধি প্ৰশিক্ষণ কেন্দ্ৰ, বিশ্ববিদ্যালয় আৰু দীনদয়াল উপাধ্যায়ৰ নামত ডিগ্ৰী মহাবিদ্যালয় স্থাপন কৰিছে কিন্তু সেইসময়তে গুৱাহাটীস্থিত ঐতিহাসিক মহাবিদ্যালয়সমূহৰ পৰা এখন বেলেগ ছৱিহে প্ৰতিফলিত হৈছে। অসমৰ প্ৰতিজন সুস্থ বিবেকবান মানুহেই বৰ্তমান এই নতুন অনুষ্ঠানবোৰ স্থাপনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। এছএফআইৰ দ্বাৰা গুৱাহাটীস্থিত বহুকেইখন মহাবিদ্যালয়ৰ পৰা সংগৃহিত আৰটিআইৰ তথ্যৰ পৰা গম পোৱা গৈছে যে এই মহাবিদ্যালয়সমূহত যথেষ্ট সংখ্যক শিক্ষক আৰু কৰ্মচাৰীৰ পদ খালী হৈ আছে, যাৰফলত মহাবিদ্যালয়বোৰত শিক্ষাৰ মানদণ্ড কমি আহিছে। শুকুৰবাৰে গুৱাহাটীত সংবাদমাধ্যমৰ আগত চৰকাৰৰ ওপৰত স্বেচ্ছাই এই পদবোৰ খালী কৰি ৰখাৰ অভিযোগ আনিছে। তাৰসলনি চৰকাৰে ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীৰ যোগেদিয়ে এই অনুষ্ঠান সমূহ চলাই আছে বুলি ছাত্ৰ সংগঠনটোৱে অভিযোগ আনিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com