নওবৈচাত এতিয়াও বানৰ ভয়ংকৰ ৰূপ অব্যাহত

নওবৈচাত এতিয়াও বানৰ ভয়ংকৰ ৰূপ অব্যাহত

Published on

লক্ষিমপুৰ জিলাৰ নওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত বহুত সংখ্যক গাওঁ সাত দিনৰ পৰা পানীৰ তলত থকাত অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।১৫ নংৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংযোগী দলৌহাট-ফুলবাৰী গড়কাপ্তানী পথ বানত বেয়াকে বিধস্ত হোৱাৰ ফলত ৪০ গাওঁৰ ৰাইজৰ লক্ষিমপুৰৰ লগত সংযোগ হেৰাই গৈছে।জিলা প্ৰশাসনে কোনো ধৰনৰ আশ্ৰয় শিবিৰৰ ব্যৱস্থা নকৰাত ৰাইজে নিদ্ৰা বিহীন ৰজনী পাৰ কৰিছে।জিলাৰ ১৭ টাকৈ সংগঠনে উপায়ুক্তক স্মাৰক পত্ৰৰ জড়িয়তে বনাৰ্ধক অতি সোনকালে খাদ্যৰ লগতে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com