নগাওঁত পথ দুৰ্ঘটনাত দুজন ছাত্ৰৰ মৃত্যু

নগাওঁত পথ দুৰ্ঘটনাত দুজন ছাত্ৰৰ মৃত্যু
Published on: 

নগাওঁ চহৰৰ সমীপৰ মহখুলিত পথ দুৰ্ঘটনাত দুজন ছাত্ৰৰ মৃত্যু হয়।এজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আনজন গুৰুতৰ ভাৱে আহত হোৱাত চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা অৱস্থাতে মৃত্যু হয়।ৰুপহীহাট আৰক্ষী চকী অন্তৰ্গত গটঙা গাওঁৰ ৰাহুল বৰা (১৮) আৰু ভাৰ্গৱ বৰা (১৪) বুলি চিনাক্ত কৰা হৈছে।ৰাহুল ৰেনাইচেনচ কনিষ্ঠ মহাবিদ্যালয় আৰু ভাৰ্গৱ নৱৰূপ জাতীয় বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।এখন স্কুটীত ছাত্ৰ দুজন গৈ থকা অৱস্থাত মহখুলি চাৰিআলিত টাটা মেজিকৰ লগত মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com