নতুন ৰাজনৈতিক সংগঠন গঠন

নতুন ৰাজনৈতিক সংগঠন গঠন
Published on

ডিব্ৰুগড় জিলাৰ চুকাফা ভৱনত সাধাৰন সভাত অনুস্থিত কৰি সদৌ অসম শক্তি মঞ্চ নামৰ নতুন ৰাজনৈতিক দল গঠন কৰে।কৃপাল ফুকনৰ সভাপতিত্বত অনুস্থিত হোৱা সভা খনৰ পতাকা উত্তোলন কৰে সমাজ সেৱক ৰঞ্জিত বৰুৱাই আৰু বন্তি প্ৰজলন কৰে সমাজ সেৱক তথা জমিৰা মহকুমা সাহিত্য সভাৰ পদাধিকাৰ ধীৰেন শৰ্মাই।সদৌ অসম শক্তি মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি উত্তম বুঢ়াগোঁহাইয়ে উপস্থিত ৰাইজক সম্বোধন কৰি অসমৰ জলন্ত সমস্যাবোৰৰ নিৰ্মূলৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে।ৰাজকিশোৰ ৰাজবংশী আৰু জ্যোতিষ বৰুৱা সংগঠনৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com