নাইজেৰিয়াক পৰাস্ত কৰি নকআউটত প্ৰৱেশ আৰ্জেন্টিনাৰ

নাইজেৰিয়াক পৰাস্ত কৰি নকআউটত প্ৰৱেশ আৰ্জেন্টিনাৰ
Published on

বিশ্ব ফুটবলৰ মহাতাৰকা লিয়নেল মেছিৰ দেশ আৰ্জেন্টিনাই এখন ৰোমাঞ্চকৰ খেলত আফ্ৰিকান শক্তি নাইজেৰিয়াক ২-১ গ'লত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰত প্ৰৱেশ কৰে।ছেইন্ট্ পিটাৰবাৰ্গত মঙলবাৰে অনুস্থিত গ্ৰুপ ডি'ৰ খেলখনত আৰ্জেন্টিনাৰ বাবে বিজয় অনিবাৰ্য্য আছিল নহলে বিদায় নিশ্চত।মেছিয়ে নিৰাশ নকৰে বুলি আশা কৰিছিল তেওঁৰ কোটি কোটি অনুৰাগীয়ে।দলৰ উৎসাহ বৃদ্ধিৰ বাবে মাৰাডোনাক দৰ্শকৰ ৰূপত দেখিবলৈ পোৱা যায়।অনুৰাগীক নিৰাশ নকৰি মাত্ৰ ১৪ মিনিটতে মেছিয়ে গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে।দ্বিতীয় অৰ্ধৰ ৫১ মিনিটত পেনাল্টীৰ সহায়ত ভিক্টৰ মচেছে নাইজেৰিয়াৰ হৈ সমতা স্থাপন কৰে।মেচৰ ৮১ মিনিটত আৰ্জেন্টিনাৰ মাৰ্কছ ৰ'জয়ে দাৰ্শনীয় গ'লেৰে দলক বিজয় প্ৰদান কৰাই নহয়,দলক নকআউটত প্ৰৱেশ কৰাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com