পথ অৱৰোধ কাৰ্য্যসুচী ৰূপায়ন

পথ অৱৰোধ কাৰ্য্যসুচী ৰূপায়ন
Published on: 

উত্তৰ লখিমপুৰ জিলাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী লক্ষিমপুৰ নগৰৰ ওচৰৰ বান্টৌ বেংগলী পথত পথ অৱৰোধ কাৰ্য্যসুচী ৰূপায়ন কৰে।লক্ষিমপুৰ নগৰ সংযোগী পথ সমূহৰ অৱস্থা অতি পুতৌজনক।এজাক বৰষুনতে ডাঙৰ ডাঙৰ গাত সৃষ্টি হৈ পথ সমূহ মৰনফান্ডলৈ পৰিনত হয়।লক্ষিমপুৰ জিলাৰ গড়কাপ্তানি বিভাগে একো ব্যৱস্থা নোলোৱাত হতাশ হৈ পৰিছে বুলি মত প্ৰকাশ কৰিছে সংগঠনটোৰ সভাপতি জ্যোতি দাস আৰু সম্পাদক দিগন্ত ভূঞাই।অতি সোনকালে পথ সমূহ নিৰ্মান কৰিবলৈ লক্ষিমপুৰ জিলাৰ গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তা আৰু উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com