পল্লৱী শৰ্মাক গ্ৰেপ্তাৰ প্ৰসংগত সাংসদ আৰ পি শৰ্মাক কটাক্ষ ৰিপুন বৰাৰ

পল্লৱী শৰ্মাক গ্ৰেপ্তাৰ প্ৰসংগত  সাংসদ আৰ পি শৰ্মাক কটাক্ষ ৰিপুন বৰাৰ
Published on

তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেঙ্কাৰী অভিযুক্ত হৈ গ্ৰেপ্তাৰ হোৱাত বিজেপি সাংসদ জনক সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাই।সভাপতি বৰাই কটাক্ষ কৰি কয় যে আৰ পি শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক,লোকসেৱা আয়োগৰ চাকৰি ক্ৰয় কৰিবৰ বাবে ৬০-৭০ লাখ টকা দিব লাগে বুলি শুনা পাইছো,শৰ্মাৰ নিবনুৱা কন্যাই ইমান বৃহৎ পৰিমানৰ টকা ক'ত পালে।বৰাই লগতে দাবী কৰি কয় যে ইয়াৰ উচিত তদন্ত হোৱাৰ লগতে,অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

The Sentinel - of this Land, for its People
www.sentinelassam.com