পিডিপিৰ লগত বিজেপিৰ মিত্ৰতা ভংগ : জম্মু কাশ্মীৰ চৰকাৰ ত্যাগ

পিডিপিৰ লগত বিজেপিৰ মিত্ৰতা ভংগ : জম্মু কাশ্মীৰ চৰকাৰ ত্যাগ

Published on

জম্মু-কাশ্মীৰত মিত্ৰজোঁট চৰকাৰ গঠন কৰাৰ প্ৰায় তিনিবছৰৰ পিছত ৰাজ্যখনত বৰ্ধিত সন্ত্ৰাসবাদী কাৰ্যকালাপ আৰু উপত্যকটোত চৰমপন্থী শক্তিৰ উত্থানক দোহাই দি বিজেপিয়ে পিডিপি নেতৃত্বাধীন চৰকাৰৰ পৰা সমৰ্থন উঠাই লয়।দলৰ এই আকস্মিক সিদ্ধান্তৰ বিষয়লে জনাবলৈ বিজেপিৰ সম্পাদক ৰাম মাধৱে এখন সংবাদমেল আয়োজন কৰি কয় যে উপ মূখ্যমন্ত্ৰী কবিন্দৰ গুপ্তা আৰু আন ন জন মন্ত্ৰীয়ে তেওঁলোকৰ ইস্তাফা পত্ৰ ৰাজ্যপাল আৰু মূখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰে। ৰাজ্যিক নেতাসকলক জৰুৰী বৈঠকৰ বাবে দেশৰ ৰাজধানীলৈ মাতি পঠোৱা হয়। ২০১৯ ৰ সাধাৰণ নিৰ্বাচনৰ এবছৰ আগত আৰু বিজেপিয়ে কথোৱা ৰেপ কেচৰ বাবে হোৱা গণজাগৰণৰ পিছত নতুন উপমূখ্যমন্ত্ৰী নিয়োগ কৰাৰ কেইমাহমান পিছত এই সিদ্ধান্ত লয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com