পুঁজি ব্যৱহাৰ কৰি প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰক : ৰাজনাথ

পুঁজি ব্যৱহাৰ কৰি প্ৰকল্পৰ কাম শীঘ্ৰে আৰম্ভ কৰক : ৰাজনাথ
Published on

শ্বিলংত অনুস্থিত হোৱা নৰ্থ ইষ্ট কাউনচিলৰ ৬৭ সংখ্যক প্লেনাৰী চেচনত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা এনইচিৰ অধক্ষ্য ৰাজনাথ সিং উপস্থিত থাকি কয় যে কেন্দ্ৰীয় চৰকাৰৰ পুঁজি ব্যৱহাৰ কৰি কাম শেষ নোহোৱা সকলো প্ৰকল্পৰ কাম অতি সোনকালে শেষ কৰিব লাগে।৪৫০০ কোটি টকাৰ পেকেজ নৰ্থ ইষ্ট কাউনচিলক প্ৰদান কৰা কথা ঘোষনা কৰে গৃহমন্ত্ৰী গৰাকীয়ে।উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিল্লী,বাংগালোৰোত হোষ্টেল নিৰ্মান কৰা হৈছে বুলি কয় সিংয়ে।উত্তৰ পূৰ্বাঞ্চলৰ উদ্যোগৰ বাবে ২০১৭ৰ পৰা ২০২০ৰ মাৰ্চলৈ ৩,০০০ কোটি প্ৰদান কৰা কথা ঘোষনা কৰে।সভাত উত্তৰ পূৰ্বাঞ্চলৰ সকলোকেইখন ৰাজ্যৰ ৰাজ্যপালৰ লগতে অসম,মনিপুৰ,নাগালেণ্ড,ত্ৰিপুৰা,মেঘালয় আৰু মিজুৰামৰ মুখ্যমন্ত্ৰী সকল উপস্থিত থাকে।উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ শীৰ্ষ বিষয়াৰ লগতে ডনাৰমন্ত্ৰী জিতেন্দ্ৰ সিংও উপস্থিত থাকে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com