পুনৰ গ্ৰেপ্তাৰ হ’ল ১৯ গৰাকী APS-ACS বিষয়া

পুনৰ গ্ৰেপ্তাৰ হ’ল ১৯ গৰাকী APS-ACS বিষয়া
Published on: 

কাহিলীপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰ পৰীক্ষাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় আটাইকেইগৰাকী এ পি এস আৰু এ চি এস বিষয়াক। ২০১৬ চনত নিযুক্তি পোৱা এইসকল বিষয়াই ৰাকেশ পালক ধন দি এ পি এস চিৰ চাকৰি ক্ৰয় কৰিছিল।গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে ১৩ গৰাকী এ চি এস, ৩ গৰাকী এ পি এস বিষয়া, এগৰাকী ডি টি অ',এজন কৰ অধীক্ষক আৰু এজন কৰ পৰিদৰ্শকক গ্ৰেপ্তাৰ কৰা হয়।জানিব পৰা মতে গ্ৰেপ্তাৰ হোৱা বিষয়া কেইগৰাকীক আজিতে আদালতত হাজিৰ কৰাৰ পৰিৱৰ্তে অহাকালি লৈ হাজিৰ কৰোৱা হব তেওঁলোকক। গ্ৰেপ্তাৰ হোৱা মহিলা বিষয়া কেইগৰাকীক পানবজাৰ আৰক্ষী থানাৰ ৰখাৰ বিপৰীতে বাকীসকলক ৰখা হব কাহিলীপাৰাত অৱস্থিত আৰক্ষীৰ বিশেষ শাখাত।এই পৰ্য্যন্তলৈ মুঠ ৫৩ গৰাকী বিষয়াৰ সৈতে অপসাৰন কৰা এ পি এস চিৰ অধ্যক্ষ ৰাকেশ পালক বন্দী হৈ আছে জেলত।

The Sentinel - of this Land, for its People
www.sentinelassam.com