পুৰনি আৰু আপুৰুগীয়া অসমীয়া গীতৰ কৰ্মশালা

পুৰনি আৰু আপুৰুগীয়া অসমীয়া গীতৰ কৰ্মশালা
Published on

দিখৌমুখ জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আশিষ নামৰ সাস্কৃতিক সন্থাৰ উদ্যোগত অনুস্থিত হোৱা সপ্তাহযোৰা পুৰনি আৰু আপুৰুগীয়া গীতৰ কৰ্মশালা অনুস্থিত শনিবাৰে অন্ত পৰে।দিনযোৰা কাৰ্য্যসুচীৰ আৰম্ভনিতে মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ,মাধবদেৱ,জ্যোতি প্ৰসাদ আগৰৱালা,বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাৰ ফটোত চাকি জ্বলাই প্ৰসিদ্ধ অনাতাৰ শিল্পী গিৰিন্দ হালৈয়ে।৮৫ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰা কৰ্মশালা খনৰ উদেশ্য আছিল পুৰনা গীত সমূহ নতুন প্ৰজন্মৰ মাজত প্ৰচলিত কৰা।হালৈক বিদ্যালয়ৰ ফালৰ পৰা গামোচা,চেলেং আৰু সফুৰাৰে সম্বৰ্ধনা জনাই।বিদ্যালয় ব্যৱস্থাপনা সমিতিৰ সভাপতি তথা দিখৌমুখ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক খীৰুদ খনিকৰ,সাংবাদিক জামালুদ্দিন আহমেদ,গৌৰীসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাজীৱ দত্তৰ লগতে ভালে সংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com