প্ৰিয়ংকা চোপ্ৰাৰ বৰ্তমান চৰ্চাত থকা বয়ফ্ৰেণ্ড নিক জনচৰ সৈতে কেমেৰাৰ আগত

প্ৰিয়ংকা চোপ্ৰাৰ বৰ্তমান চৰ্চাত থকা বয়ফ্ৰেণ্ড নিক জনচৰ সৈতে কেমেৰাৰ আগত
Published on

বৰ্তমান চৰ্চাত থকা বলীউদ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ বয়ফ্ৰেণ্ড নিক জনচৰ সৈতে যোৱা বৃহস্পতিবাৰে ভাৰতলৈ ঘুৰি অহা অৱস্থাত কেমেৰাৰ আৰত লুকাবলৈ বাধ্য হয়।

জানিব পৰা মতে নিক জনচে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাক সাক্ষাৎ কৰাৰ লগতে প্ৰিয়ংকা চোপ্ৰাৰ নতুন ঘৰ লোৱা তথা গৃহ প্ৰৱেশৰ বাবে ভাৰতলৈ আহে আৰু প্ৰিয়ংকাৰ বন্ধু-বান্ধৱী সকলকো লগ কৰিব এই সুযোগতে।

নিক জনচ প্ৰিয়ংকাৰ বয়ফ্ৰেণ্ড বুলি উৰা বাতৰি সমগ্ৰ বলীউদ জগত খনতে চৰ্চা চলি আছে কিন্তু জানিব পৰা অনুসৰি কিছু দিন পূৰ্বে নিকৰ কোনো সম্পৰ্কীয়ৰ বিয়ালৈও নিউ জাৰ্ছিলৈ ৰাওনা হৈছিল প্ৰিয়ংকা।আৰু বিয়াত উপস্থিত আছিল নিকৰ ককায়েক বৌৱেক আৰু ভতীজাক আৰু তেওঁলোকৰ সৈতে হাতত হাত ধৰি,হাঁহি স্ফূৰ্তি ভাৱে কথা-বতৰা পাতিছিল । এতিয়া সময়হে ক'ব মোহময়ী অভিনেত্ৰী গৰাকীৰ প্ৰেম কিমান দূৰলৈ আগবাঢ়ে নাইবা উৰা বাতৰি হৈয়ে থাকি যাব।

The Sentinel - of this Land, for its People
www.sentinelassam.com