পৰ্টোগালক ড্ৰ খেলিবলৈ বাধ্য কৰিলে ইৰানে

পৰ্টোগালক ড্ৰ খেলিবলৈ বাধ্য কৰিলে ইৰানে

Published on

বিশ্ব ফুটবলৰ মহাতাৰকা খ্ৰীষ্টিয়ানো ৰোনাল্ডোৰ দেশ পৰ্টোগালক ১-১ গ'লত ড্ৰ খেলিবলৈ বাধ্য কৰালে এচিয়াৰ শক্তি ইৰানে।মৰ্ড'ভিয়া এৰেনাত সোমবাৰে অনুস্থিত গ্ৰুপ বি'ৰ খেলখনত প্ৰথম অৰ্ধৰ অন্তিম মিনিটত আৰ কুৱেজমাৰ গ'লেৰে পৰ্টোগালে অগ্ৰগতি লাভ কৰে।নিশ্চিত বিজয়ৰ দিশে পৰ্টোগাল আগবঢ়াৰ সময়তে দ্বিতীয় অৰ্ধৰ ইনজুৰি টাইমত ইৰানে পেনাল্টিৰ সুযোগ লাভ কৰি কে' আনচাৰিফাৰ্ডে কাৰ্য্যকৰী কৰি ইৰানক নিশ্চিত পৰাজয়ৰ পৰা ৰক্ষা কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com