বাক্সাত ৯ফুট দীঘল অজগৰ উদ্ধাৰ

বাক্সাত ৯ফুট দীঘল অজগৰ উদ্ধাৰ
Published on

বাক্সা জিলাৰ চিমলা আৰক্ষী চকীৰ অন্তৰ্গত কুন্টামাৰী গাওঁৰ পৰা সোমবাৰে সন্ধিয়া কৃপা বৰগয়াৰী নামৰ ব্যক্তিজনে গাওঁবাসীয়ে হত্যা কৰিবলে বিচাৰি থকা সময়ত এটা অজগৰ উদ্ধাৰ কৰে।১০ কেজি ওজনৰ আৰু ৯ ফুট দীঘল বাৰ্মিচ প্ৰজাতিৰ অজগৰটো ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।বন বিভাগে অজগৰটো চক্ৰচিলা অভৰান্যত মুকলি কৰি দিয়ে।এই প্ৰজাতিৰ অজগৰ বিশ্বৰ পাঁচবিধ বিশাল প্ৰজাতিৰ সাপৰ ভিতৰত অন্যতম,১২ ফুট পৰ্যন্ত দীঘল হয় এই অজগৰ বিধ।সাপ বিধ দক্ষিণ আৰু পশ্চিম দক্ষিণ এচিয়াৰ লগতে ভাৰত,নেপাল,পশ্চিম ভূটান,দক্ষিণ বাংলাদেশ আৰু দক্ষিনৰ দেশ সমূহত পোৱা যায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com