বিজ্ঞানী শিভাশিষ কৰক ৫ লাখ টকা প্ৰদান মহিলাৰীৰ

বিজ্ঞানী শিভাশিষ কৰক ৫ লাখ টকা প্ৰদান মহিলাৰীৰ
Published on: 

বিটিচি সচিব হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে কোকাৰাঝাৰ জিলাৰ গচাইগাঁও অঞ্চলৰ বিজ্ঞানী শিভাশিষ কৰক ৫ লাখ টকাৰ চেক প্ৰদান কৰে।তেওঁ ইতিমধ্যে মুকলি মহাকাশত মোবাইলত ৩ডি লাইভ চাট আৱিস্কাৰ কৰে।বিটিচি সচিবালয়ত মহিলাৰীয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে ১৮ জুনত উদ্ধোধন কৰা কৰৰ প্ৰকল্পটোৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হৈছে।২.৫ লাখ বিটিচিৰ পৰা আৰু বাকী ২.৫ লাখ বিপিএফৰ পৰা প্ৰদান কৰা হৈছে।মহিলাৰীয়ে লগতে কয় যে কৰ যদি তেওঁৰ প্ৰকল্পটোত সফল হয় তেতিয়া বিটিচিৰ ৰাইজ তাৰপৰা উপকৃত হব।সংবাদমেলত বিজ্ঞানী কৰে কয় যে তেওঁ এতিয়া বিদেশী কোম্পানীত কাম কৰে যদিও অতি সোনকালে বিটিচিত কাম কৰিব।কোম্পানীটোৰ এটা চেন্টাৰ কোকাৰাঝাৰত স্থাপন হব আৰু তাৰ পৰা ৰাইজ বহুতখিনি উপকৃত হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com