বিদেশী ন্যায়াধিকৰণসমূহ অসমৰ হিতৰ কাৰণে নে?

বিদেশী ন্যায়াধিকৰণসমূহ অসমৰ হিতৰ কাৰণে নে?
Published on

আপতত: বিদেশী ন্যায়াধিকৰণৰ বহুতো সন্দেহযুক্ত নাগৰিকক ভাৰতীয় নাগৰিক ঘোষণা কৰা বহুকেইটা নিৰ্দেশৰ বাবে এতিয়া এই ন্যায়াধিকৰণ সমূহ নৈতিক প্ৰশ্নৰ সম্মুখীন হৈছে- অসমৰ সকলো বিদেশী ন্যায়াধিকৰণে ন্যায়ৰ হিতে কাম কৰিছেনে?বৰ্তমান ৪৭ টা এনেধৰণৰ কেচ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে। ৰঙিয়া বিদেশী ন্যায়াধিকৰণ ৫ নং ৰ সদস্য ধিমান তালুকদাৰে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক (বি) বিভাগৰ ডেপুটী চেক্ৰটেৰীলৈ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক(ন্যায়িক) লৈ ১৬ মে'ত পঠোৱা চিঠিৰ ভিত্তিত উচ্চ ন্যায়ালয়ে আন এটা চ্যু মটো গোচৰ (১২/২০১৮) পঞ্জীয়ন কৰে। এই চিঠিত সদস্যগৰাকীয়ে উল্লেখ কৰে যে তেওঁ পূৰ্ৱৰ সদস্যগৰাকীৰ গোচৰৰ তথ্যত বহুতো খেলি মেলি দেখা পাইছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com