বিশ্বকাপ ফুটবল ২০১৮, দল বিশ্লেষণ,গ্ৰুপ :E

বিশ্বকাপ ফুটবল ২০১৮, দল বিশ্লেষণ,গ্ৰুপ :E
Published on

ব্ৰাজিল

শ্ৰেষ্ঠ বিশ্বকাপ বিজয়ী : (১৯৫৮,১৯৬২,১৯৭০,১৯৯৪,২০০২)

কিদৰে যোগ্যতা অৰ্জন কৰিছে : যোগ্যতা অৰ্জনকাৰী খেলত ষষ্ঠ স্থানত থকা দল ব্ৰাজিলৰ প্ৰশিক্ষক ডুঙ্গাক অপসাৰন কৰি নতুন প্ৰশিক্ষক টিটক নিযুক্তি দিয়াৰ পিছত দলৰ ৰঙে সলনি হৈ গ'ল। ষষ্ঠ বাৰৰ বাবে বিজয়ী হোৱাৰ লক্ষ্যৰে ৰাছিয়ালৈ আহিছে পেলেৰ দেশ ব্ৰাজিল।

কি আশা কৰিব পাৰি : দক্ষিন আমেৰিকাৰ আক্ৰমন ষ্টাইলত খেলা দেশ ব্ৰাজিলে ইউৰোপৰ পৰিৱেশত খেলাৰ অভিজ্ঞতা আছে। মাৰ্চত জাৰ্মানীক পৰাস্ত কৰি শক্তি প্ৰৰ্দশন কৰিছে ব্ৰাজিলে।

তাৰকা কোন : নিঃসন্দহে চুপাৰ ষ্টাৰ নেইমাৰ। তেওঁৰ পৰা বিচৰা খিনি পাবৰ বাবে নেতৃত্বৰ বোজা আতৰাই দিছে প্ৰশিক্ষকে। ফৰ্মত থাকিলে অতি ভয়াবহ হৈ উঠিব পাৰে নেইমাৰ জুনিয়ৰ।

সফলতা কেনেধৰনৰ : বিশ্বকাপ ব্ৰাজিলৰ বাবে সাফল্য নহয়। ৰিঅ' দ্যি জিনেৰিঅ'ত পেৰেড কৰি অভিবাদন লাভ কৰাটোৱে লক্ষ্য হিচাপে বান্ধি লৈছে ব্ৰাজিলে।

চুইজাৰলেণ্ড

শ্ৰেষ্ঠ বিশ্বকাপ : কোৱাৰ্টাৰ ফাইনেল(১৯৩৪,১৯৩৮,১৯৫৪)

কিদৰে যোগ্যতা অৰ্জন কৰিছে : চুইজাৰলেণ্ডৰ ৰাছিয়া যাত্ৰা সহজ নাছিল। পৰ্তুগালৰ বিৰুদ্ধে ড্ৰ খেলাৰ পিছত উত্তৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে ৰেফাৰিয়ে দিয়া এটা বিৰ্তকিত পেনাল্টিয়ে মুৰ কামোৰনিৰ সৃষ্টি কৰিছিল।

কি আশা কৰিব পাৰি : চুইজাৰলেণ্ডে মুখ্য প্ৰতিযোগিতা সমূহ খেলাৰ অভ্যাসত পৰিণত হৈছে।তেওঁলোকে গ্ৰুপ আৰু ন'কআউটত সুন্দৰ খেল প্ৰদৰ্শন কৰি দেখুৱাইছে।

তাৰকা কোন : এ চি মিলানৰ তাৰকা ৰিকাৰ্ডো ৰুদ্ৰিকেজে হৈছে চুইজাৰলেণ্ডৰ মুখ্য তাৰকা।

সফলতা কেনেধৰনৰ : ৰাউণ্ড১৬ পাৰ কৰাটোৱে মুল সফলতা হ'ব চুইজাৰলেণ্ডৰ।

কস্তাৰিকা

শ্ৰেষ্ঠ বিশ্বকাপ : কোৱাৰ্টাৰ ফাইনেল(২০১৪)

কিদৰে যোগ্যতা অৰ্জন কৰিছে : আমেৰিকা যুক্তৰাষ্ট্ৰ গৃহভূমি আৰু বাহিৰথ হৰুৱাই ৰাছিয়ালৈ আহিছে কস্তাৰিকা।

কি আশা কৰিব পাৰি : অত্যন্ত পেছাগত আৰু আত্মবিশ্বাসী দল কস্তাৰিকাৰ পৰা বহু খিনি আশা কৰিব পাৰি ।বহুত খেলুৱৈ ইতিমধ্যে ভিন্ন ক্লাৱত খেলিবলৈ সুযোগ লাভ কৰিছে।

তাৰকা কোন : ৰিয়েল মাৰ্দ্ৰিদৰ গ'ল ৰক্ষক কেইলৰ নাভাজে হৈছে হাই প্ৰফাইল ফুটবলাৰ আৰু তেওঁৱে একমাত্ৰ বিশ্বমানৰ খেলুৱৈ।

সফলতা কেনেধৰনৰ : কোৱাৰ্টাৰ ফাইনেল খেলাটো প্ৰায় অসম্ভৱ কিন্তু ২০১৪ৰ পুনৰাবৃত্তি যে ঘটাব নোৱাৰিব তাৰ কোনো মানে নাই।

চাৰ্বিয়া

শ্ৰেষ্ঠ বিশ্বকাপ : য়গছল্ভিয়া হিচাপে চেমি ফাইনেল (১৯৩০,১৯৬২), চাৰ্বিয়া হিচাপে ২০১০ত গ্ৰুপ ষ্টেজ পাৰ কৰিছে।

কিদৰে যোগ্যতা অৰ্জন কৰিব : চাৰ্বিয়াৰ প্ৰশিক্ষক শ্লাভলযুব মুছলীনৰ হাতত ধৰি সফলতাৰ মুখ দেখিছে চাৰ্বিয়াই।ৱেলচ অষ্ট্ৰেলিয়া আয়াৰলেণ্ডৰ দৰে দলক অতিক্ৰম কৰি ৰাছিয়াৰ টিকত ক্ৰয় কৰিছে চাৰ্বিয়াই ।

কি আশা কৰিব পাৰি : যুৱ প্ৰতিভাৰে সমৃদ্ধ চাৰ্বিয়াই দলৰ ডিফেঞ্চ আৰু মিডফিল্ড অত্যন্ত শক্তিশালী,কিন্তু আক্ৰমন বিভাগ যথেষ্ট দুৰ্বল। ফিয়েৰী আলেকজেণ্ডাৰ মিত্ৰভিক আৰু জাৰ্ণিমেন আলেজেণ্ডাৰ প্ৰিজভিকৰ ওপৰতে ভৰসা কৰিব পাৰি।

তাৰকা কোন : নেমানঞ্জা মেটিক আলেকজেণ্ডাৰ ক'লাৰোভ ব্ৰাণীছলাভ ইভান'ভিকে হৈছে দলৰ মেৰুদণ্ড স্বৰূপ।

সফলতা কেনেধৰনৰ : গ্ৰুপৰ অন্যতম শক্তিশালী দল চাৰ্বিয়া। ন'কআউট ষ্টেজ পাব বুলি আশা কৰিব পাৰি।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com