বিশ্বকাপত আগুৱালে চুইডেন, পানামাক ৩-০ গ'লত হৰুৱালে বেলজিয়ামে আৰু তিউনিচিয়াৰ বিৰুদ্ধে ২-০ গ'লত জয়ী ইংলেণ্ড

বিশ্বকাপত আগুৱালে চুইডেন, পানামাক ৩-০ গ'লত হৰুৱালে বেলজিয়ামে আৰু তিউনিচিয়াৰ বিৰুদ্ধে ২-০ গ'লত জয়ী ইংলেণ্ড
Published on

বিশ্বকাপৰ গ্ৰুপ এফৰ সোমবাৰৰ খেলত চুইডেনে দক্ষিণ কোৰিয়াক ১-০ গ'লত হৰুৱাই। খেলৰ ৬৫ মিনিটত চুইডেনে পেনাল্টীৰ সহায়ত চুইডেনে আৰু দলৰ হৈ গ'ল কৰে চুইডেনৰ অধিনায়ক গ্ৰ্যান কোভিষ্টে। গ্ৰুপ এফ ৰ খেলত বেলজিয়ামে পানামাক ৩-০ গ'লত হৰুৱায়। প্ৰথমাৰ্ধত কোনো পক্ষই গ'ল কৰিব পৰা নাছিলে কিন্তু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ড্ৰাইচ মাৰ্চেণ্টে প্ৰথমটো গ'ল কৰি বেলজিয়ামক অগ্ৰগতি দিয়ে। ইয়াৰ পিছত ৰুমেলু লুকাকুয়ে ৬ মিনিটৰ ব্যৱধানত দুটাকৈ গ'ল দি দলৰ জয় নিশ্বিত কৰে। গ্ৰুপ জিৰ অন্য এখন মেচত ইংলেণ্ডে তিউনিচিয়াক ২-০ গ'লত হৰুৱায়। খেলৰ প্ৰথমাৰ্ধত ইংলেণ্ড অধিনায়ক হেৰি কেনৰ ১১ মিনিটত দিয়া গ'লে দলক আগুৱাই নিলেও ৩৫ মিনিটত তিউনিচিয়াৰ হৈ গ'ল কৰে। শেষমূহুৰ্তত কেপ্তেইন কেন্সে আৰু এটা গ'ল কৰি ইংলেণ্ডক জয় আনি দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com