বিষ্ণু ৰাভা দিৱস পালন

বিষ্ণু ৰাভা দিৱস পালন

Published on

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লক্ষিমপুৰতো বিভিন্ন সংগঠনৰ উদ্যোগত ৪৯সংখ্যক বিষ্ণু ৰাভা দিৱস পালন কৰা হয়।বুধবাৰে তেলাহি কমলাবৰীয়া আঞ্চলিক সখা সাহিত্য সভাৰ উদ্যোগত টি কে জুনিয়ৰ কলেজৰ বাকৰিত পালন কৰা হয়।বৃক্ষৰূপনেৰে কাৰ্য্যসুচী শুভাৰম্ভ কৰে সংগঠনটোৰ সভাপতি যজ্ঞনাৰায়ন সন্দিকৈ আৰু প্ৰাক্তন সভাপতি চৈয়দ আহিদুৰ ৰহমানে।তাৰ পাছত বিষ্ণু ৰাভাৰ প্ৰতিমুৰ্তিৰ সন্মুখত বন্তি প্ৰজলন কৰা হয়।সমগ্ৰ দিনতো বিষ্ণু ৰাভাৰ গীত,কবিতাৰ প্ৰতিযোগিতাৰ লগতে নৃত্যৰো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।সমগ্ৰ দিনতো অতি উলহ মালহেৰে পালন কৰা হয়।অনুস্থানত সংগঠনটোৰ বিষয়ববীয়াৰ লগতে বহুত সংখ্যক গন্য মান্য ব্যক্তি,ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ উপস্থিত থাকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com