বৈষ্ণুদেৱীৰ পৰা উভতাৰ পথত তীৰ্থযাত্ৰী নিৰুদ্দেশ

বৈষ্ণুদেৱীৰ পৰা উভতাৰ পথত তীৰ্থযাত্ৰী নিৰুদ্দেশ
Published on: 

চুতিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰাইজনীয়া গাঁওৰ ভোলা বৰা(৭২) নামৰ এজন ব্যক্তি কাশ্মীৰৰ বৈষ্ণুদেৱীৰ পৰা বিশ্বনাথ জিলা অভিমুখে উভতি আহি থকা পথত যোৱা ১৪জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে।বৰা অন্য তীৰ্থযাত্ৰীৰ সৈতে যোৱা ১১জুলাইত গুৱাহাটীৰ পৰা বৈষ্ণুদেৱীলৈ বুলি ৰাওনা হৈছিল।এই ঘটনা সম্পৰ্কে কাশ্মীৰৰ স্থানীয় আৰক্ষী থানাত জনোৱা হৈছিল আৰু তেওঁলোকে তাতে উদ্ধাৰ অভিযান চলাইছিল,যদিও কোনো শুংসুত্ৰ উলিয়াব পৰা নাই।কিন্তু ইতিমধ্যে চুতিয়া আৰক্ষী থানাত ঘটনাটি পঞ্জীয়ন কৰোৱা হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com